অর্থ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
উদাহরণ :
এই গাড়ীখনে বহুত পেট্রʼল খায়
সমার্থক : খোৱা
অর্থ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
উদাহরণ :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
সমার্থক : কোৱা
অর্থ : ভাড়াত কোনো যান-বাহন আদি লোৱা
উদাহরণ :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
সমার্থক : ঠিক কৰা
অর্থ : বাচি লোৱা
উদাহরণ :
মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে
অর্থ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
উদাহরণ :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
সমার্থক : ধৰা
অর্থ : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
উদাহরণ :
সমার্থক : গ্রহণ কৰা
অর্থ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা
উদাহরণ :
নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে
সমার্থক : গ্রহণ কৰা, স্বীকাৰ কৰা
অর্থ : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
উদাহরণ :
সমার্থক : উৰা, পিন্ধা, পৰিধান কৰা
অর্থ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা
উদাহরণ :
বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ
সমার্থক : গ্রহণ কৰা, স্বীকাৰ কৰা