অর্থ : লগোৱা কার্য
উদাহরণ :
গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
অর্থ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
উদাহরণ :
দূৰভাষ লগাওতে অধিক সময় নালাগিব
অর্থ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
উদাহরণ :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
অর্থ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
উদাহরণ :
লতাই কুর্তাটোত বুটাম লগাই আছে
সমার্থক : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
অর্থ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
উদাহরণ :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
সমার্থক : অভিলেপ কৰা, চৰোৱা
অর্থ : কোনো সঠিক ঠাইত উপনীত কৰোৱা
উদাহরণ :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
অর্থ : কার্যত সংলগ্ন কৰোৱা
উদাহরণ :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
অর্থ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
উদাহরণ :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
সমার্থক : ওলোমাই থোৱা
অর্থ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
উদাহরণ :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
সমার্থক : লেপন লগোৱা, সনা
অর্থ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
উদাহরণ :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
সমার্থক : ব্যৱস্থিত কৰা, সজোৱা
অর্থ : বিনিয়োগ কৰা
উদাহরণ :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
সমার্থক : খটুৱা, বিনিয়োগ কৰা
অর্থ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
উদাহরণ :
কামিজত বুটাম লগাই দিয়া
সমার্থক : লগাই দিয়া