অর্থ : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
উদাহরণ :
চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
সমার্থক : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ
অর্থ : গছ-গছনি সেউজ ৰঙৰ হোৱা ~
উদাহরণ :
পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল
অর্থ : যি শুকান বা মৰহি যোৱা নহয়
উদাহরণ :
এই বাগিচাখনৰ সকলো গছেই সেউজীয়া
সমার্থক : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী
অর্থ : যিটো সেউজীয়া বৰণৰ
উদাহরণ :
গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে
সমার্থক : হৰিৎ
অর্থ : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে
উদাহরণ :
পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে
অর্থ : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে
উদাহরণ :
জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে
সমার্থক : সেউজীয়া সেউজীয়া