Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word সংকেত from অসমীয়া dictionary with examples, synonyms and antonyms.

সংকেত   বিশেষ্য

Meaning : কোনো কাম আৰম্ভ কৰা, নকৰা বা হৈ থকাৰ বা নোহোৱাৰ অথবা কি অৱস্থাত উপনীত হৈছে সেই সম্পর্কে দিয়া জাননী

Example : গাড়ী চলোৱাৰ সময়ত ছিগনেলত ধ্যান দিয়া উচিত

Synonyms : ছিগনেল

Meaning : সংক্ষিপ্ত আৰু গোপন বার্তা প্রেৰণ কৰা ব্যৱস্থা

Example : এই বার্তাটো সংকেতত আছে

Meaning : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

Example : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

Synonyms : চিন, চিহ্ন, নিচান, প্রতীক

Meaning : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি

Example : কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে

Synonyms : সঙ্কেত

Meaning : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা

Example : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে

Synonyms : অংগি-ভংগি, অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সঙ্কেত