Meaning : লগোৱা কার্য
Example :
গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
Meaning : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
Example :
দূৰভাষ লগাওতে অধিক সময় নালাগিব
Meaning : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
Example :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
Meaning : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
Example :
লতাই কুর্তাটোত বুটাম লগাই আছে
Synonyms : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
Meaning : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
Example :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
Synonyms : খটোৱা
Meaning : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
Example :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
Synonyms : অভিলেপ কৰা, চৰোৱা
Meaning : কোনো সঠিক ঠাইত উপনীত কৰোৱা
Example :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
Meaning : কার্যত সংলগ্ন কৰোৱা
Example :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
Meaning : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
Example :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
Synonyms : ওলোমাই থোৱা
Meaning : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
Example :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
Synonyms : লেপন লগোৱা, সনা
Meaning : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
Example :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
Synonyms : ব্যৱস্থিত কৰা, সজোৱা
Meaning : ছাতি, চছমা আদি ধাৰণ কৰা
Example :
আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
Synonyms : ধাৰণ কৰা
Meaning : বিনিয়োগ কৰা
Example :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
Synonyms : খটুৱা, বিনিয়োগ কৰা
Meaning : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
Example :
কামিজত বুটাম লগাই দিয়া
Synonyms : লগাই দিয়া