Meaning : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
Example :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
Synonyms : ফটা
Meaning : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
Example :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
Synonyms : আঁতৰি যোৱা, আঁ্তৰা, ফটা
Meaning : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
Example :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
Synonyms : ফটা
Meaning : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
Example :
জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
Synonyms : চিৰাচিৰ হোৱা
Meaning : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
Example :
খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
Synonyms : চিৰাল ফটা দিয়া